'পাৰ্থ প্ৰতিম ভৰদ্বাজ'ৰ স্মৃতিত ত্ৰাতৃৰ উদ্যোগত ডিজিটেল কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা

 

নিয়ম

* কিতাপৰ বিষয়বস্তু কবিতা আৰু ভাষা অসমীয়াত হ'ব লাগিব। 

* এখন কিতাপৰ লেখক (কবি) সৰ্বাধিক তিনি গৰাকী হ'ব পাৰিব। 

* এই কিতাপৰ কবিতা সমূহ কবি সকলৰ নিজৰ স্বৰচিত হ'ব লাগিব। 

* কিতাপ ত্ৰাতৃ ডিজিটেল মঞ্চত প্ৰকাশত কবিৰ বা আন কাৰো কোনো ধৰণৰ আপত্তি থাকিব নালাগিব। 

* কিতাপ সমূহত প্ৰকাশ কৰা কবিতা সমূহক লৈ কাৰো আপত্তি থাকিব নালাগিব। 

* কবিতা সমূহ নতুন, পুৰণি আৰু *কাৰো আপত্তি নাথাকিলে* পূৰ্ব্বতে প্ৰকাশ পোৱা হ'ব পাৰে। 

* কিতাপ এখনত কবিতাৰ সংখ্যা সৰ্বাধিক ত্ৰিশটা (৩০) আৰু সৰ্বনিম্ন পঁচিশটা (২৫) থাকিব পাৰিব। 

 

প্ৰতিযোগিতাত যোগ দিয়াৰ প্ৰক্ৰিয়া

 

* ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰতে যোগদান নিশ্চিত কৰিব লাগিব। 

* ত্ৰাতৃ মঞ্চত কিতাপ প্ৰকাশৰ খৰছ ২৫০০ টকা নিজে বহন কৰিব লাগিব। যোগদান নিশ্চিত কৰাৰ সময়ত কিতাপ প্ৰকাশৰ খৰছৰ ৫০০ টকা আগতীয়াকৈ দিব লাগিব। এই আগধন যোগদান নিশ্চিত কৰাৰ পাছত উভতাই দিয়া নহ'ব। 

* প্ৰতিযোগিতাত অংশগ্ৰহন নিশ্চিত কৰাৰ সময়ত নাম, ইমেইল আৰু ফ'ন নম্বৰ অসমীয়া আৰু ইংৰাজী দুয়োটাতে দিব লাগিব। 

* নিৰ্ধাৰিত সময়ৰ ভিতৰতে কবিতা সমূহ আৰু প্ৰকাশৰ খৰছৰ বাকিখিনি ধনৰাশি আদায় দিব লাগিব। 

* ত্ৰাতৃত কিতাপ প্ৰকাশ হোৱাৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰু বিচাৰকৰ ওচৰলৈ যোৱাৰ আগতে ভুল ত্রুটি সমূহ প্ৰাৰ্থীয়ে চাই দিব লাগিব। 

 

 বিচাৰৰ পদ্ধতি

* বিচাৰৰ বাবে তিনিগৰাকী অভিজ্ঞ বিচাৰকক দায়িত্ব দিয়া হ'ব। ইয়াৰ উপৰিও সাধাৰণ পাঠকৰ মতামতেও প্ৰতিযোগিতাত জয়ী হোৱাটো স্থিৰ কৰিব। 

* কিতাপ এখনত বিচাৰকৰ দ্বাৰা সৰ্বাধিক নম্বৰ দিয়া দহটা কবিতাৰ সৰ্বমুঠ সংখ্যাক কিতাপখনে পোৱা নম্বৰ বুলি গণ্য কৰা হ'ব। 

* সাধাৰণ পাঠকৰ ২০ শতাংশ আৰু বিচাৰকৰ মুঠ নম্বৰৰ যোগফলক সৰ্বমুঠ নম্বৰ বুলি ধৰি ফলাফল ঘোষণা কৰা হ'ব। 

 

পুৰস্কাৰ

 

* প্ৰতিযোগিতাত এটাই মাত্র পুৰস্কাৰ থাকিব। 

* প্ৰতিযোগিতাত প্ৰমাণপত্ৰ আৰু লগতে *এক লাখ* (১,০০,০০০) টকাৰ ধনৰাশি থাকিব। 

* বিচাৰকৰ দ্বাৰা বিবেচিত হোৱা ভাল কিতাপ কেইখনে *বিশেষভাৱে* পৰবৰ্তী প্ৰতিযোগিতাত স্থান পাব। 

 

 সময়সীমা

* যোগদান নিশ্চিত কৰা শেষ তাৰিখ: ১৫ আগষ্ট'২৪

* কবিতা দিয়াৰ শেষ তাৰিখ: ৩০ ছেপ্টেম্বৰ'২০২৪

* প্ৰুফ চোৱাৰ শেষ তাৰিখ: ৭ অক্টোবৰ'২০২৪

* জনতাৰ নম্বৰ দিয়াৰ শেষ তাৰিখ: ৩০ নৱেম্বৰ'২০২৪

* ফলাফল ঘোষণা কৰা তাৰিখ: ২২ ডিচেম্বৰ'২০২৪

 

**প্ৰতিযোগিতাত কিতাপৰ সংখ্যা অধিক হ'লে যোগদানৰ শেষ তাৰিখ আগুৱাই দিয়া হ'ব পাৰে।**

 ***উপৰোক্ত নিয়মখিনিত প্ৰয়োজন হ'লে পৰিচালনা সমিতিৰ সংশোধন কৰাৰ অধিকাৰ থাকিব।***